পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৯
সন্ন্যাসিনী
 

“প্ৰিয় নাৰায়ণ!

 সৰু কালৰেপৰা আমি দুয়ো একে লগে পঢ়ি ইমান ডাঙৰ হলোঁ। এতিয়া সংসাৰত প্ৰবেশৰ দিন৷ কিন্তু, এটি কথা বহু দিনৰেপৰা মোৰ মনতে আছে, আজি তোমাক কম, তুমি ঠাট্টা নকৰিবা। কথা এই,তোমাৰ ভনীয়েৰাক বিয়া কৰাবৰ ইচ্ছা। যিদিন তিনি চাৰি বছৰ আগেয়ে তোমালোকৰ ঘৰলৈ গৈছিলোঁ, তেতিয়াৰপৰা এই ইচ্ছা আছে। ইমান দিন কোৱা নাছিলোঁ; কাৰণ উপযুক্ত সময় নহলে কামনা কৰা বৃথা৷ প্ৰেম এলেহুৱাৰ উপভোগ্য নহয়। মই যিমান জানো, তোমাৰ ভনীয়েৰাৰ অমত নহব; এই কথা তুমিও জানিব পোৱা। * * * মনৰ গতি সংযম কৰিব নোৱাৰি কিবা লিখিলে ক্ষমা কৰিবা। উত্তৰলৈ বাট চাই ৰলোঁ।”

 চিঠিখন দুই তিনি বাৰ পঢ়িলোঁ। পিছত ককাইদেও আহিলত তেওঁক দিলোঁ। তেওঁ সুধিলে, কাৰ চিঠি? মই একো নমতাকৈ গুচি আহিলোঁ।

( ৯ )

 “বিয়া হৈ গল; কিন্তু অশান্তিৰ শেহ নপৰিল। মোহনৰ আদৰ, মোহনৰ প্ৰেম, সকলো বিহ যেন হল। এদিন মোহনক কলো, “মই আপোনাৰ উপযুক্ত নহওঁ; মোক পৰিত্যাগ কৰক”। মোহনে একো নামাতিলে, মোৰ প্ৰতি তেওঁৰ আদৰ বেছি হে হল। অভাগিনী মই; মোৰ সি অসহনীয়। মই