পৃষ্ঠা:গদাধৰ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
গদাধৰ।


এফেৰি যদ্যপি পাওঁ ছিদ্ৰ কাৰো গাত?
—কঠিন বিচাৰ মোৰ।
মৰাণ-বৰুৱা।— সঁচা, ডাঙ্গৰীয়া!
এৰা নাই কোনোজন, কৰা নাই ত্ৰুটী
লঘু পাপে গুৰু দণ্ড দিবলই তুমি।
মমতা, নৰম ভাব, কৰ্ক্কশীয়া কৰি,
কৰিছাঁ কঠিন হিয়া, দিনে দৃঢ়তৰ,
শিলেৰে বান্ধিছাঁ বুকু।
ৰজা।— তাতো যে নপৰে ওৰ
ৰাজদ্ৰোহী লেখ! ঘৰে-পৰে, বাটে-ঘাটে,
দুজন লাগিলে লগ, আলচে অহিত!
কাহানি পৰিব অন্ত দুৰন্তৰ দল,
ভাবি অন্ত নাই!
মঃ বৰুৱা।— লাগিছে নে কব আৰু!
গছ-লতা লগ লাগি পাতে যেন কথা,
ৰাজদ্ৰোহী ভাৱে। চৰায়ে কিৰিলি মাৰি,
পাতি যায় উৰি উৰি, তললই চাই,
ৰাজদ্ৰোহীকথা!
(এজনী অপৰাধিনীক লৈ কটোৱালৰ প্ৰৱেশ )
কটো।— স্বৰ্গদেৱ! নিবেদন;—
গুৰুতৰ অপৰাধ এই তিৰোতাৰ।
টিপতে বুলাই হাত, ভেলেকী বাণেৰে,
মাতি থকা নেওঠনী চলালে নিমাতে,
চাপিলোঁ ওচৰ যেই। মতৰী তিৰোতা!