এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
গদাধৰ।
বাঁচি থাকাঁ তুমি মোৰ, নপৰে ই আশা ওৰ,
সম্পদে লবহি লগ গুচিলে অপায়।
ভাল পাবাঁ বুলি হাঁয়, ভালপোৱা দিয়া নাই,
যোৱাঁ তুমি, ৰব মোৰ ছবিটি সহায়॥
(মৌন )
ৰম্ভা—যাওঁ হাঁয়, পৰোঁগই
অশান্তি পাটীত।
( প্ৰস্থান)
⸻⸻
ষষ্ঠ গৰ্ভাঙ্ক।







সলাল গোহাঞিৰ চৰা।







সঃ গোঃ।— সৰ্ব্বনাশ হাজৰিকা!
অবাবত আমাৰ মিলিল বিপদ।
পঠিওৱা সেনাদল আহিল উলটি,
নেপালে বহাত, নেপালে বিচাৰি কতো
ভণ্ড বৰাগীক। পালে সি সম্ভেদ্ কিবা;
পলাল ৰাতিয়ে, এৰি বৰাগী-টোকাৰি,
ভণ্ডামীৰ জোলোঙা সমল। ভুল নাই,
সিয়ে গদাপাণি। নিজ দোষে হেৰুৱালোঁ
ধৰা দিয়া দোষী। ই কথা প্ৰচাৰ হলে,