পৃষ্ঠা:গদাধৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
গদাধৰ।

ঘুৰাওঁ ভীমৰ গদা, মুঠিত লুকাওঁ
ভালুকাৰ গুৰি, সেই হাতে ধৰোঁ আজি

চেকনী এচাৰি।

(মৌন )


অহ, প্ৰাণেশ্বৰী,


প্ৰেমৰ পুতলী মোৰ প্ৰিয়া জয়মতী!
সংসাৰ বান্ধোন হেতু সোণৰ শিকলি,
গঢ়ি-পিটি বিধাতাই বান্ধিছিল মোক,
সংসাৰত এটি চিত্ৰ ৰাখিবৰ গুণে।-
অকালত ছিঙ্গি নিলে একে বিধাতাই,
মেলি বান্ধ অকালত দাম্পত্য প্ৰেমৰ,
সুদৃঢ় বান্ধোনে যেবে ছিলোঁ বান্ধ খাই।
চিন্ তাৰ মৰা নাই, আছে সাঁচ বান্ধি,
হৃদয়ৰ কেন্দ্ৰ ভেদি কক্ষৰেখা প্ৰায়।
আৰু হাঁয়, কিনো কম, প্ৰিয়া-গুণ-কথা!-
অদম্য বীৰৰ তেজে নচুৱাই মোক,
অকালে অপথে চলাব যেতিয়া ধৰে,
প্ৰশান্ত সাগৰসমা শান্তিময়ী প্ৰিয়া
আছিল সাৰথি মোৰ। আছিল সহায়
মন্ত্ৰণা দানত আৰু চিন্তিলে যিদিন
বধৰ উপায় মোৰ, লৰা-ৰজাদেৱে,
চিস্তাত বহিল প্ৰিয়া, উদ্ধাৰৰ হেতু।
কিন্তু হাঁয়-হিয়া মোৰ বিদৰে স্মৰিলে—
মন্ত্ৰণাত আত্মবলি ৰচিলে প্ৰিয়াই,
পতিপ্ৰাণ ৰক্ষাহেতু পতিপ্ৰাণা সতী।