পৃষ্ঠা:গদাধৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
গদাধৰ।

হয়। চিকাৰ জাকত সোমাই ময়ো চিকা হলোঁ আজি! তথাপি, ধৰি ৰাখিব নোৱাৰিলোঁ কি হল, গাত গা লাগিছিল হে তেও। সিজনীৰ আগত তেও কবলৈ হল বাপেকে। উঃ! উশাহটো লওঁ দেও!

গদা।– বেৰিছেহি চউপাশে
ৰাজসেনা দলে, ধৰিবৰ হেতু মোক।
আক্ৰমিলে কতবাৰ,—বিফল যতন-
নোৱাৰিলে কোনো জাকে সহিব বিক্ৰম;
নোৱাৰে তিষ্ঠিব আৰু দুই-চাৰি জাকে।
কিন্তু এবে অন্য বল,—আহিছে অলেখ
সশস্ত্ৰ সেনানীদল। লৰিছে আপুনি
সেনাপতি এইবাৰ। —নডৰোঁ তথাপি,
সমুখে যদ্যপি পাওঁ শত্ৰুপক্ষ লগ;
—যুঁজিম প্ৰাণান্তে।
(সেনাপতিৰ সসৈন্যে প্ৰৱেশ )

৩য়, সেনা।—ধৰহঁক, এইবেলি আমাৰ দৌতাও পালেহি। ধৰিবই লাগে। গতি লাগি পৰিছে। দৌতা! মই আগ নইলে নহব। ইহঁত কিবা ভেবা মানুহ, পিচ পৰি হে থাকে। (টঙ্গালি আটিবলৈ ধৰে)।

সেনাপতি।—ইবাৰ পলাবাঁ কত?
চাপি আহাঁ, গদাপাণি, ধৰা দিয়াঁ আহি।
বৃথা চেষ্টা আৰু।
গদা।—নপলায় গদাপাণি!
থাকেমানে প্ৰাণ, নিদিম আপুনি ধৰা,
কাপুৰুষ হই।