সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোরা-বোরা | ae

২৩। কচ, আক মাছৰ বোল।

সকলে| ৰকমৰ কচুৰ লগত মাছেৰে বোল কৰি খাব পাবি। আগেয় বোলত দিয়া মাছখিনি ভাজি লব লাগে। কচু ডাঙৰকৈ বা সৰুকৈ কাটি লৈ নিমখেৰে পানীত ধুই লব লাগে। তেতিয়া কচুৱে ধৰিবৰ দ্য নাথাকে। তথাপি কিছু সিজাই ললে ভাল। চৰুত দি কচুখিনি ভাজি নমাই থব লাগে ৷ পুনৰাই সেই চৰুতে তেল দি তেজপাত, জলকীয়া, নিঠিগুটি আদি দি লাৰি চাৰি বটা মচলা, শুকান জলকীয়া বটা, আদা বটা দি অলপ পানীত গুলি দি লাৰি-চাৰি থাকিব লাগে। যেতিয়া মচলাবিলাক ভাজাৰ নিচিনা হব তেতিয়া যিমান খিনি পানী লাগে একেলগে চৰুত বহাই দি ঢাকনি দিব লাগে ৷ ছুটা- মান উতল অহাৰ পিচত কচুখিনি বহাই দিব লাগে। লগতে মাছ আৰু নিমখ আদিও দিব লাগে। তাৰ পাচত চৰুৰ মুখ ঢাকি ৰাখিব লাগে। যেতিয়া পানী মৰি আহিব তেতিয়া নমাই থব লাগে।

২৪ | মানকচু খোৱাৰ নিয়ম। মানকচু ৰান্ধিব জানিলে খাই ভাল লাগে। পুৰণা জ্বৰ, পিলাই আদি বেমাৰৰ পক্ষেও বৰ উপকাৰী। কামবপৰ মানুহে মানক্চু খাই ভাল পায়। ছানাকচুতকৈ মানকচু খাবলৈ সোৱাদ। মানক্চু আৰু অনেক প্রকাবে খাব পাৰি। মানকচু চকলি কৰি কাটি নিমখৰ পানীৰে ধুই চৰুত তেল