সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২ খোবা-বোরা ।

sa) লাউ-শ'ল।

লাউ ডাঙৰকৈ কাটি ভাজিব লাগে। মাহৰ বৰি ভাজিব লাগে। শ’ল মাছৰ ছাল গুচাই সককৈ কুটি নিমখ, হালধি সানি তেলত জীৰা, তেজপাত, জলকীয়া ফোৰণ দি মাছ ভাজিব লাগে। ভাজ! হলে জলকীয়া, ধনীয়া বাটা অলপ পানীত গুলি দিব লাগে । অলপ পাচত নিমখ হালধি দি পানী উতল আহিলে লাউ দিব লাগে। সিজিলে জীবা, জালুক, তেম্দপাত বটা, চেনি, বটান দি থকথকীয়াকৈ নমাব লাগে।

sel শ’ল মাছৰ জ্গালা।

মাছৰ ছাল গুচাই সৰুকৈ কুটি নিমখ, হালধি সানিব লাগে। আলু সৰুকৈ কুটি তেলত ভাজি থব লাগে। পাৰিলে ঘিউত বা তেলত জিৰা, তেজপাত ফোৰণ দি মাছ ভাজিব লাগে। ধনীয়া, জলকীয়া বটা অলপ পানীত গুপি দি ঢালি দিব লাগে। Stel মচলাৰ গোন্ধ ওলালে চাউল খছা পানী গুলি ঢালি দিব লাগে। ভাজা আলু, ভিজা বুট দিব লাগে। সিজিলে জাৰা, জালুক, তেজপাত বট! চেনি দি ৰস ঘন হলে নমাই fad দিব লাগে। চাউল খছ পানীৰ সলনি নাৰিকলৰ গাখীৰ দিব পাৰি। বামী মাছৰ এইদৰে জালা ৰান্ধিব পাৰি।

১৯ । বৌ মাছৰ ঘন জালা।

মাছ কুটি নিমখ, হালধি সানি থব লাগে। আলু, বেঙেনা বা আলু; পতল সৰুকৈ কাটি লৈ তেলত ভাজি ভুলি থৈ জলকীয়া, তেজপাত মিঠিগুটি ফোৰণ দি মাছ দিব লাগে।