সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱ|-বোনা । ৪১

৫৬। ফুলকবিৰ ডালন৷।

কবি সিঞ্জাই লব । তেলত তিলৰ বৰি, সিজোৱা কবিখিনি, মটৰ ছেই, আলু ভাজি বেলেগে বেলেগে তুলি থব। সেই তেলত নিমখ, ধনীয়া, হালধি, সৰিয়হ, জলকীয়া বটা গুলি দি Bee দিন লাগে। উতলিলে ভাজা আলু, কবি মটৰ দি ঢাকি দিব লাগে। সিঞ্জিলে নমাই থৈ চৰুত থিউ দিব লাগে । গৰম হলে গৰম মচল| দি ভাজি কবিখিনি দি বৰি ভাজা দি ভাজি ঢাকি দিব লাগে। পাচত গৰম মচলা বটা দি নুমাব লাগে।

৫৭1 অমিতাৰ ডালনা।

কেচা অমিতা ধুঈ সিজাই লৈ বৰি ভাঙ্গি তুলি তেজপাত, কালজীব। ফোবণ fe লাৰিৰ লাগে। এতিয়া অমিতাখিনি ঢালি দি ধনীয়া, হালধি বটা গুলি দিব লাগে। উতলিলে বৰি ভাজাখিনি দিব লাগে। অলপ পাচত চেনি গাখীৰ দিব লাগে। পানী মৰি আহিলে ঘিউ দি লাৰি চাৰি দি নমাব লাগে।

৫৮। গাছ আলু আৰু তাৰ পটেনচৰাৰ ডালন৷ |

আলু কুটি শলাৰে হানি সেই আলুবোৰত দৈ, নিমখ, আদা, জৈন সানি আধা ঘণ্টা ৰদত থব লাগে। আদা ডোখৰ ডোখৰকৈ কুটি ঘিউত ভাজি তুলি থৈ আলুখিনি ভাজিব লাগে। ভাজা হলে জীৰা, জালুক হালধি বটা গুলি দি আলু সিজিলে ঘিউ, গব্ম মচলা দি aaa লাগে।