সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ খোৱা-বোৱা ।

৩৩ ৷ ইলিচ মাছ, কাচ কলৰ ঘণ্ট

কাচ কল সিজাই বাকলি পেলাই সানি লব লাগে। ইলিচ মাছৰ yal, কাটা ইত্যাদি ভাজি তুলি থৈ সেই তেলতেই জীবা, তেজপাত, জলকীয়া ফোৰণ দি কাচা কল দিব লাগে। ভাজ হলে নিমখ, হালধি দি পানী দিব লাগে। সিজিলে মাছ ভাঙি দি জালা বটা দিব লাগে। অলপ পাছত বতন দি নমাব লাগে। তেল অলপ বেচিকৈ দিব লাগে। তেজপাত ভাঙি দিব নালাগে । ইলিচ মাছৰ লগত আলু, শেলুক, কঠালঞুটি, 'ওল. মানকচু, গাছআলু ইত্যাদিৰ এইদৰে ঘণ্ট ৰান্ধিব পাৰি। এইবোৰ আঞ্জাৰ ঘণ্ট বাহি হলেই ভাল হয়। বৌ মাছৰে| এইদৰে ঘণ্ট ৰান্ধিব পাৰি৷

৩৪ ইলিচ মাছৰ লগত ক্োমোৰাৰ YS

জালি কোমোৰা লৈ মিহিকৈ কুটিব লাগে। ইলিচ মাছৰ মুৰা কাটা নিমখ হালধি সানি ভাজি তুলি থৈ সেই তেলতেই জীৰ|, তেজপাত, জলকীয়া ফোৰণ দি কোমোৰা দিব লাগে। ভালকৈ ভাজা হলে নিমখ, হালধি দি পানী দিব লাগে। .উত- fara মাছ দিব লাগে ৷ সিজিলে মাছ ভাঙি দি জাল বটা দিব লাগে। পানী শুকালে বতন দি নমাব লাগে। বুৰা তিয়াহেবেও এইদৰে ঘণ্ট বান্ধিব পাৰি। ৩৫ ৷ বৌ মাছৰ মূৰেৰে চিবাৰ ঘণ্ট

বৌম|ছৰ মুবেৰে চিবাৰ ঘণ্ট কৰিবলৈ হলে প্রথমে ৰৌমাছৰ মুৰ বাচি ধুই নিমখ, হালধি সানি ভাজিব লাগে