খোৱা-বোৱা ৷ ২৭
১৬ ৷ ওৰহিৰ শুকান আঞ্জ| ৷
ওৰহি ডাঙৰকৈ কুটি লৈ তেলত তেজপাত, জলকীয়া ফোৰণ দি ওৰহি খিনি বহাই অলপ ভাজি, নিমখ হালধি বটা গুলি পানী দিব লাগে। সিজিলে চেনি দি শুকালে সৰিয়হ, জলকীয়া বট| দি নমাব লাগে। জিকা, ডুমক মূলা, বীন, ফুলকবি এনেদৰে ৰান্ধিব পাৰি। ইচ্ছা কৰিলে মাটি মাহৰ বৰি ভাঙি দিব পাৰি। ১৭৷ কঠালৰ মুচিৰ শুকান আঙ্তা।
প্রথমে কঠাল কুটি লৈ পানীত সিঙ্গাব লাগে। পাছত মুগ বটা আৰু সিজোৱা কঠাল একেলগে বাটিব লাগে। কঠাল ভালকৈ বাটিব নালাগে। বটা হলে নিমখ হালধি দি খুব ভালকৈ সানিব লাগে। এতিয়া চকত তেল দি বৰ ভাজাৰ দৰে ভাজিব লাগে । ভাজ। হলে চৰুত হালধি পানী দিব লাগে। পানীবোৰ উতলিলে ভাজা বৰা খিনি দিব লাগে। এতিয়া ধনিয়া, জলকীয়া, তেজপাত, আদা বটা দিব লাগে। পানী মৰিলে নমাই আন এটা চকুত ঘিউ দি জলকীয়া, লং, তেজপাত ফোৰণ দি আঞ্জা খিনি ঢালি দিব লাগে। দুই এটা Ben খালে গৰম মচল| দি নমাই থব লাগে। ১৮। মাটি মাহৰ শুকান আঞ্জা ।
এথমে মাটি মাহৰ বেচনত আদা বটা, নিমখ, গৰম মচলা পানীৰে মাৰিব লাগে। মাৰা হলে যেনে ইচ্ছা তেনেকৈ এটা লাৰু সাজি গৰম পানীত সিজাব লাগে।