খোৱা-বোৱা । ২৩
জাল দিব লাগে, থক্ থকীয়া হলে গৰম মচলা বটা দিব; আৰু ১০ মিনিট মান আঙঠাৰ ওপৰত দি পাছ্ত নমাব লাগে। ইচ্ছা কৰিলে প্রথমতে পিয়াজ ভাজি থৈ তাকো পিছত মিহলাই দিব পাৰি।
8 ৷ শাকৰ শুকান WGA!
ৰঙা লাউৰ আগ বা আন কোনো শাক লোৱ| ৷ তেলত কেঁচা জলকীয়া ফোৰণ দি শাক খিনি ভাজিব লাগে। নিমখ হালধি দি ঢাকি থব লাগে। পানী শুকালে জলকীয়া আৰু আদা বটা, সৰিয়হ বটা দি নমাব লাগে। সৰিয়হৰ ফুল, সৰিয়হৰ শাক, লাই, মূলা, ফুলকবি বা বাধা কবিৰ পাত এই দৰে ভাজিব পাবি। কবিৰ পাত অলপ সিজাই লব লাগে। মূলা, ধেকরা, লাই, সৰিয়হ শাক কুটি লব লাগে। ইয়াৰ লগত মিছ! মাছ মিহলায়ো ভাজিব পাৰি। সিজিবৰ কাৰণে অলপ অলপ পানীও দিব পাৰ৷ যায়। সিজিলে তিল চাউপ বটা, বা সৰিয়হ abi দি নমাৰ পাৰি।
৫ ৷ ওৰহিৰ জালুকীয়া ৷
ওৰহি কুটি অলপ সিজাই লব লাগে। তেলত জলকীয়া, মিঠি, ফোৰণ দি সেই খিনি বহাই দি ভাজা যেন হলে নিমখ, হালধি দি সিজি পানী নাইকিয়া হলে নমাই থব লাগে। নমাবৰ আগেয়ে অলপ চেনি দিব লাগে। এই নিয়মে মূলা, চালগম, ওল ৰুবিও ভাজিব পাৰি।