সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা ‘ ১৯

২১ ৷ কঠাল গুটিৰ বৰ ভাজি ৷

কঁঠাল গুটি সিজাই ভালকৈ সানিব লাগে। পাছত জিৰা, জালুক, আদা গৰম মচলা বটা, জলকীয়া! কুটা, ময়দা দি ভালকৈ সানি বৰ ভাজাৰ দৰে ঘূৰণীয়া কৰি লৈ তেল বা ঘিউত ভাজিব aire)

ইয়াত যি কোনো টেঙাৰ গুৰি অথবা নিমু টেঙাৰ ৰস দিলে ভাল হয়। টেঙা দিলে নিমখ, হালধি, জলকীয়াৰ বাহিৰে আন মচলা দিয়াৰ একো দৰ্কাৰ নকৰে।

২২ ৷ মাছ ভাজা।

মাছ কাটি লৈ হালধি, নিমখ, জলকীয়া বটা বা গুৰি সানি লৈ ভাজিব লাগে। ইচ্ছা কৰিলে আদা, পিয়াজৰ ৰস সানিও ভাজিব পাৰি।

২৩। Val মাছ ভাজি।

মাছ ভাজি, নমাই আনি তাত আদা বটা আক নিমখ সানি তেলত দি আকৌ গুৰি কৰি ভাজিব লাগে।

agi bial মাছ ভাজি।

মাছৰ পুরান বা দৰিকনা মাছ বাচি, ধুই, নিমখ, হালধি সানি তেলত জলকীয়া (ইচ্ছা কৰিলে পিয়াজ কুটা ) ফোৰণ দি মুৰমুৰীয়াকৈ ভাজিব লাগে। ইচ্ছ। কৰিলে মাজে মাজে পানী ছিটাই দিও ভাজিব পাবা যায়।

২৫। ইলিচ মাছ ভাজি।

মাছ কুটি নিমখ, হালধি, জলকীয়া বটা আৰু অলপ