সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধোৱা বোৱা । ১৬

২। ইলিচ মাচ পোৰা

প্রথমে গোটা মাছটো বাচি ফিচ। আক মুৰ কাটি লৈ পেটা উলিয়াই পেলাই হালধি, ধনীয়া, আদা, জলকীয়া বাটা, নিমখ, তেল সানি কিছু মাছৰ পেটত সোমাই দি মাছটোৰ গাত লেপ দি কলপাতত ভালকৈ মেৰায় আঙঠাৰ মাজত সোমাই দি সেই জুঈতে পুৰিব লাগে। কলপাত বোৰৰ দুট তিনি তৰপ মান পুৰি গলে আনি খুলিব লাগে। আন মাছো এই নিয়মে পুৰিব পাৰি। মাছ পোৰাৰ আগেয়ে মাছ ভালকৈ বাচি লব লাগে।

৩। মাছ ভাতত fray, ইলিচ, চেনি আৰু তেনেকুৱা তেলাল বিধৰ মাছ ভাতত

দি খাব পাৰি । মাছ ভাতত দিবৰ হলে তেল, সৰিয়হ, জলকীয়া বটা নিমখ সানি মাছখিনি পাতত বান্ধিবা৷ আৰু ভাতত সিজাবা। ভাল তেল সানি খাবা। কিন্তু কম ভাতত মাছ সিজাব নোৱাৰি : দহ-বাৰ জন মানুহৰ ভাতৰ লগত হে এটামান চেনিমাছ সিজাব পাৰি। $1 মাছ পাতত দিয়া।

সকালো ৰকমৰ মাছ পাতত দিব পাৰি। প্রায়ভাগ মানুহে মাছ পাতত দিব জানে। পাতত দিয়! মাছ, কাইট নথকা হব লাগে। টিলা আৰু সৰু মাছ পাতত দিবলৈ ভাল। মাছ বাচি ধুট লৈ অলপ নিমখ, হালধি সানি পাতত দিব নাগে । জুইৰপৰা টোপোলাটো উলিয়াই মাজে মাজে