এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮ খোৱা-বোৱা |
দুটামান দিব লাগে। মহা নিমুৰ পাত নাইবা কেৰেলাৰ পাত দিলে ভাল হয়। এই সকলোকে শুকাই ঢেকিত খুন্দি লৈ কলাখাৰ সানি তেপা কৰি দলাত বা কুলাত দি ভালকৈ শুকালে খাবলি হল। ,
তৃতীয় অধ্যায়।
সু তিতা ৷ 31 শেৱালী ফুলৰ পাত ভাজি।
শেৱালী ফুলৰ কোমল পাত বোৰ বাচি লৈ চৰুত কেৱল তেল দি পাতবোৰ পেলাই ভাজিব লাগে। অথব| অলপ ময়দা গুলি লৈ তাত অকন মান নিমখ দি গোলা ময়দাত পাত বোৰ জুবুৰিয়াই লৈ ভাজিব ate fy তিতাৰ পাতো এইদৰে ভাজিব লাগে। ২। শেৱালী ফুল ভাজি।
ফুলবোৰ বেচকৈ বাচি ধুই লৈ তাৰ হালধীয়া মাজৰ ঠাৰিডাল পেলাই দি বগা পাহি কেইটা লব|। চৰুত তেল তপতাই জলকীয়াৰ ফোৰণ দি পাহি খিনি বহাই ভাজিব লাগে। ইয়াত পানী দিব নালাগে। পানী দিলে বেচি তিতা! হয়। ভাজা হবৰ সময়ত অলপ লোন দি নুনাই থব লাগে।