এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
খোৱা-বোৱা । দিব পাৰে। ভাত সিদ্ধ হলে কোৰাচেৰে ভাত খিনি বেচিকৈ ঘুটি দিব লাগে। এনেকৈ কিছু সময় ঘোটাৰ পিছত ভাত- বোৰ ভাঙি একেলগ হৈ যাব । পাছত আকৌ দুটামান উতল আহিলে নমাই তপতে পেতে খাব লাগে। নমাবৰ সময়ত ঘিউ দিলে আৰু ভাল হয়। ৮। ঘিউ ভাত । ভাত বহোৱাৰ আগতে চাউলবোৰ ধুই বাচি লব লাগে। চাউল আধা সিজা হলে পানী কাৰি পেলাই অন্য এটা চকত ঘিউ বা মাখন গৰম কৰি তাতে আধা সিজা ভাত ঢালি দি চৰুটো জোকাৰি থাকিব লাগে । তেনে কৰি থাকোঁতে ভাতখিনি সিজি উঠিব ; শেষত নিমখ দি নুমাই থব লাগে । দ্বিতীয় অধ্যায়। পাৰ। খাৰ খাব নজনা অসমীয়া নাই বুলিলেও মিছা কোৱা নহয় । যিবোৰ পাচলি আন কোনো আঞ্জাত ব্যৱহাৰ নহয় সেইবোৰ পাচলিৰেও খাৰ ভাল হয়। কিন্তু সেই বুলি পেলনীয়া পাচলিৰে হে যে খাৰ পাব লাগে এনে নহয় । ভাল পাচলিৰ খাৰো ভাল হব ।