এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
খোৱা-বোৱা । প্রথম খণ্ড। প্রথম অধ্যায়। ভাত। $1 সাধাৰণ ভাত। আমাৰ দেশত অনেকে অনেক প্ৰকাৰে ভাত ৰান্ধে। প্রত্যেকৰে বেলেগ বেলেগ ধৰণ । ভাত বন্ধা বিষয়ে দুই চাৰিটা প্ৰথাৰ তলত বৰ্ণনা কৰা হব। কিন্তু নতুন সাধাৰণতে ভাতৰ পানী নাকাৰায় ভাল । চাউলৰ ভাতৰ পানী নাকাৰিলে ভাত ভাল কৰা টান । সেই কাৰণে নতুন চাউলৰ ভাতৰ পানী কাৰি লোৱা যুগুত । (ক) পানী নাকাৰা ভাত ৰান্ধিবৰ হলে প্ৰথমতে চৰুত কিছু পানী বহাই লৈ, যেতিয়া পানীখিনি বেচ নিয়মীয়া গৰম হব, তেতিয়া চাউলৰ বেচি কম অনুসৰি মুঠিৰে বা হাতৰ আজলীৰে চৰুটোৰ ঠিক মাজ খিনিতে চাউলবোৰ বহাই দিব লাগে। চাউলবোৰ বহাই দিয়াৰ পাচত যেতিয়া দেখিবা যে পানীৰ পৰা চাউল এক আঙুলমান অন্তৰত আছে তেতিয়া চাউল খিনি কোৰাচেৰে ( হাঠাৰে ) ভালকৈ লাৰি চাৰি দিব লাগে ৷