১6০ থোরা-বোবা |
২-। কলৰ বড়া ৷ পক৷ কল ভালকৈ সানি গুটি ইত্যাদি বাচি পেলাই ময়দা] আৰু গুৰ দি দৰ্কাৰ মতে গাখীৰ দি পাতল কৰি লব লাগে; আৰু ফেনাব লাগে। ফেনোৱা৷ হলে বড়া ভাজি ইচ্ছা কৰিলে ক্ষীৰত থৈ দিব লাগে। ক্ষীৰৰপৰা ৬.৭ ঘণ্টা প'ছতহে তুলিব লাগে । তাল, কঠাল, বেল আদিৰো এইদৰে ভাজিব পাৰি।
২১। গোকুল ভোগ৷ নাৰিকলৰ লগত ময়দ| বা চুজি আন্দাজমতে সানি গাখীৰৰ লগত জাল দি গোট| কৰি নমাই একোখন সক সৰু পিঠাৰ নিচিন| কৰি গাখীৰত ডুবাই fate ভাজিব লাগে। ভাজা! হলে চেনিৰ ৰসত ডুবাই শুকানকৈ থব লাগে।
২২ ৷ পাটি-সাপটা |
চাউল ভিজাই থৈ মিহিকৈ বটি তাৰ লগত চেনি বা গুৰ মিহলাই গাখীৰেৰে আৱশ্যকমতে পাতল কৰি লব লাগে। Saw অলপ থিউ দি তাত গোল! দি তেজপাত, কঠালপাত, বা আন কিবাৰে পিঠাৰ নিচিনাকৈ বহলাই দি এপিঠি ভাজ! হলে ওভোটাই দি মাজত এবিধ মিঠা পুৰ দি ( ক্ষীৰ, বাদাম, ক্চি.মিচ. ইত্যাদি) তিল পিঠাৰ নিচিনাকৈ দিব লাগে।