এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৩৮ খোৱা-বোৱা |
পিঠাৰ নিচিনাকৈ পিঠ৷খন মোটোকাই লৈ. তেলত বা ঘিটত ভাঙ্গি চেনিৰ ৰসত দি তুলিব লাগে। এই পিঠা বহাগৰ বিহুত কামব্বপৰ পিনে সকলো! ঘৰতে কৰে ।
১৪ ৷ আতাগুৰিৰ পিঠা ৷ আতা পানীৰে মাৰি বেলি লৈ মাজত ক্ষীৰ বা নাৰিকল বোকা ভাজি দিব পাৰি। ক্ষীৰ পিঠাৰ নিচিনা মাজত ক্ষীৰ দি পিঠাৰ মুখ সমানে টিপি দিব লাগে। পিছত
ঘিউত ভাজি চেনিৰ ৰসত দিব লাগে।
৫1 লাউ-পিঠ| ৷ প্রথমে গুৰি ভাজি থৈ লাউ মিহিকৈ কুটি ভপাই লব লাগে। ভপোৱ| হলে গুৰেৰে সৈতে ভাজ| গুৰি মিহণি কৰি হাতেৰে বৰ ভাঙ্গাৰ নিচিন| কৰি তেলত ভাজি গুৰত পাগ দিব লাগে।
১৬ ৷ কল-পিঠা। ভাল পক| কল চালনিৰে চালি লৈ পিঠাগুৰি, গাখীৰ, চেনি সানি কলপাঙত দি লুচিৰ নিচিন| বেলি দিব লাগে। আৰু পাতখন লুটিয়াই মাজেৰে মোটোকাই দিব লাগে। তাৰ পিছত শুকান চকত ভাজিব লাগে। এই পিঠাত তেল বা থিউ কোনো আৱশ্যক, নাই.। এই পিঠা দেৱাই নাযাবলৈ