১৩২ খোৱা-বোৱা ।
পাচত ম’হৰ ঘিউত ভাজিব লাগে। ৰঙা হব নালাগৈ; এতিয়া ডাঠ দুডাল স্থত! ধৰা চেনিৰ ৰসত পেলাই এপিঠি ৰস লগাই ওভোটাই ঠালত সজাই থব লাগে।
৫1 গজ ৷ খাজাৰ নিচিনাকৈ ময়দা ইত্যাদি মাৰি সৰু সৰুকৈ ডাঠকৈ জিভাৰ নিচিনাকৈ বেলি ছুৰিৰে মাজত অলপ শলপ . কাটি দি ঘিউত ভাজি চেনিৰ বসত দিব লাগে। বস গজাৰ গাত শুকাই লাগিব লাগে।
ঙ। কুলকুল।
নাৰিকলৰ মাখনেৰে চুজি মাৰিব লাগে। অকল পানী নিদি নাৰিকলৰ পানীৰে মাৰিব লাগে। এথণ্ট৷ দেৰ ঘণ্টা মাৰাৰ পাছত ডাঠকৈ বেলি সক সক চাবি Pease কাটি ঘিউত ভাজি গৰমে গৰমে দুই পিঠিতেই দানাদাৰ চেনি লগাই দি এখন থালত সজাই থব লাগে। ইয়াক মাৰোতে অলপ চেনি দি মাৰিব লাগে।
নাৰিকলৰ মাখন কৰিবলৈ হলে এটা নাৰিকলৰ গাখীৰ উলিয়াই যিমান গাখীৰ হয় তাৰ হুগুণ পানী দি এটা আইন! বা মাটিৰ পাত্ৰত থৈ দিব লাগে। পাছদিনা ৰাতিপুরা ওপৰত নাৰিকলৰ গাখীৰবোৰ মাখনৰ নিচিনাকৈ ওপঙি থাকিব। ইয়াকেই লাহে লাহে চামুচেৰে তুলি লব লাগে। ইয়াৰে নানা ৰকম কাজ হয়।