সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৪ খোৱা-বোৱা ।

ঢাকি থব লাগে। অলপ পিছতে ঢাকনিখন তুলি এবাৰ লাৰি চাৰি দিলে পানীখিনি মৰি কেৱল ঘিউ থাকিব। এতিয়া ভালকৈ সিজিলে আৰু অলপ ঘিউ দি নমাই এথণ্টামান সময় ঢাকি থব লাগে |

২৪ ৷ ব্ৰাউন &, ৷ ABs তেজপাত, গোটা গৰম মচলা ফোবণ দি ময়দা দি ৰঙচুৱাকৈ ভাজিব লাগে। লগতে মাংসও দিব লাগে। মাংসৰ পানী মৰিলে গৰম পানী দিব লাগে। উতলিলে নিমখ, জালুকৰ গুৰি, আদাৰ চাকলি, ভাজা আনু বা ফুলকবি দিব লাগে। এতিয়া জুইৰ কাবত চৰু থৈ সিজাব লাগে। পানী শুকাই থক্‌থকীয়া হলে নমাব লাগে।

২৫ ৷ মাংসৰ চুপ। দেৰ পোৱা মাংস /২। পোৱা পানীত সিজাব লাগে। পাছত আলু আৰু চালগম দিব লাগে। সিজিলে নিমখ, জালুকৰ গুৰি, গৰম মচলাৰ গুৰি দি নমাই থব লাগে। বেম৷ৰীৰ চুপত গৰম মচল| দিব নালাগে।

২৬ ৷ ভৈৰাৰ চুপ। মাংস, পিয়াজ, নিমখ, জালুকৰ গুৰি পানীত সিজাব লাগে। ভালকৈ সিজিলে নমাই চেকিব লাগে |