থোৱা-বোৱা | ১৯
১২ ৷ পোলাও।
পোলাও বান্ধিবলৈ হলে মাছ মাংস লাগে। পোলাওৰ মাছ ভাল মাছ হব লাগে। যেনে ঃ--ৰৌ, বাহু ইত্যাদি। বেচি কাইট থকা মাছেৰে ৰান্ধিব নোৱাৰি। নিৰামিষ পোলাওত ফুলকবি, আলু, ছানা, আনাৰস ইত্যাদি দিব পাৰি। পোলাওত খুব মিহি চাউল লাগে। পোলাও ৰান্ধিবলৈ হলে মচলাৰ পানী দিব লাগে।
১৩। মচলাৰ পানী।
জাৰা, জালুক, লং, ডালচিনি, এলাচী, গোটা ধনীয়া, বুটৰ দালি, আদা, জীৰা, জালুক, মিঠিগুটি এখন কাপোৰত টিলাকৈ বান্ধি আন্দাজমতে পানী দি মচলাৰ টোপোলাটো দিব লাগে। কিছু সময় আল দিয়াৰ পাচত পানীৰ ৰং ৰঙচুৱা হলে নমাই মচলাৰ টোপোলাটো উলিয়াই পেলান লাগে। মাছ মাংস দি ৰান্ধিবলৈ হলে মাছ বা মাংস একেলগে সিজাব লাগে।
১৪ | মাছৰ পোলাও।
ভাল মাছ লৈ ডাঙৰ ডোখৰ কৰি কুটি এটা ডেকচিত মাছ, আদা, ধনীয়া, জালুক দি মাছৰ দুগুণ পানী দিব লাগে। যেনে £_/১ সেৰ মাছত /২ সেৰ পানী। চৰুৰ মুখ বন্ধ কৰি চৌকাৰ ওপৰত তুলি দিব লাগে। আধা সেৰ আন্দাজ পানী থাকিলে নমাব লাগে। তাৰ পাচত এখন চাফ কাপোৰৰ দ্বাৰাই ছাকি মাছ পানী বেলেগ কৰি