সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৮ খোরা-বোবা |

দ্বিতীয় নিয়ম তেলত শুকান জলকীয়া, কালজীবা, মিঠি, গুৱামুৰি ফোৰণ দি আম দি অলপ ভাজি নিমখ, হালধি দি ঢাকি দিব লাগে। কেচা জলকীয়া ফালি দিব লাগে। আম সিজিলে আধা খুন্দা সৰিয়হৰ গুৰি দি লাৰি-চাৰি নমাব লাগে। ইয়াক তেলত ডুবাই থলে বহুদিন থাক। তৃতীয় নিয়ম কাঁচা আমৰ বাকলি: পেলাই কুটি ৰ’দত শুকাই পটাত মিহিকৈ বাটি তাৰ লগত গুটি নোহোৱা পকা তেতেলী; নিমখ, হালধিৰ গুৰি, শুকান জলকীয়া, আদা, নেহুৰ চির্কাত বটি নিমখ, হালধি মিহলাই ৰদত দিব লাগে। দুই এক দিন ৰদত দি চপচপীয়াকৈ তেল সানি আকৌ ৰ’দত দি ভালকৈ ৰদ খালে থৈ দিব লাগে।

৩৯ বটা আমৰ আচাৰ ৷

কেচ| আমৰ বাকলি পেলাই কুটি ৰ’দত শুকাই পটাত মিহিকৈ বটি তাৰ লগত গুটি নোহোৱা পকা তেতেলী, নিমখ হালধিৰ গুৰি, শুকান জলকীয়া, আদা, নেহুৰ চির্কাত বটি নিমখ চেনি মিহলাই তেল দি আমে সৈতে ভালকৈ সানি ৰদত দিব লাগে। ভালকৈ বাদ খালে থৈ দিব লাগে। তেতেলী অলপ পানীত ভিজাই ঘনকৈ গুলি চাকি লব লাগে।