খোৱা-বোৱ| ৷ ৯৩
২৪ ৷ পাথাৰ কলিজাৰ জালা ছাটনি।
পাঠাৰ কলিজা ঘিউত ভাজিব লাগে। শুকান জলকীয়া, জিবা, ল্দালুক, ধনীয়া, লং, তেজপাত, কালজিৰা একেলগে চৰুত ভাজি ( তেল বা fad নিদিয়াকৈ) পটাত মিহিকৈ গুৰি কৰিব লাগে। এতিয়া হালধি, নিমখ, চেনি, নহৰু বটা, তেতেলী গোলা, ভাজা জালাৰ গুৰি লৈ ভাজি থোৱা, কলিজাৰ লগত মিহলাই বেচিকৈ তেল দি চাবি দিন ৰদত দি খাব লাগে। তেতেলীৰ সলনি চির্কা দিলে ভাল হয়।
২৫। হৰিণাৰ মাংসৰ জালা ছাটনি। হবিণাৰ মাংস অলপ ডাঙৰকৈ কুটি ঘিউত ভাজি পাঠাৰ কলিজাৰ জাল! ছাটনিৰ দৰে মচলা ইত্যাদি দি সেই নিয়মেই কৰিব লাগে। ২৬। ৰঙালাউৰ গুটিব ছাটনি। বঙালাউৰ ea ভিতৰৰ সাহুখিনি উলিয়াই পটাত বটি লব লাগে। নাৰিকল ৰুকি বটি সমানে দুয়োকে! মিহলাই নিমখ, চেনি, কেচা জলকীয়া বটা, সৰিয়হ বটা, তেল দি সানি লব লাগে। ২৭ | ধনীয়াৰ জালা ছাটনি। ধনীয়াৰ পাত পটাত বটি নিমখ, কেচা জলকীয়া, সৰিয়হ বটা সানি মিঠাতেল দি সানি লব লাগে।