সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা । চটি

২। কেচা আম পোৰাৰ ছাটনি। কেচা আম পুৰি বা সিজাই লৈ ভিতৰৰ সাহটো বাহিৰ কৰি নিমখ, চেনি, কেচ| জলকীয়া বটা, তেল সানি লব লাগে। কেচ| তেতেলীৰ এইদৰে ছাটনি কৰিব পাৰি।

৩। আমৰ স্বুঠীৰ ছাটনি। আম-সুঠী পানীত ভিজাই থৈ পতাত বটি ধনীয়া পাত, পদিন| পাত, নিমখ, চেনি, কেচা জলকীয়া বট! তেল মিহলাই লব লাগে। ইয়াৰ লগত নাৰিকল বটাও মিহলাব পাৰি! 81 পকা তেতেলীৰ ছাটনি। পক| corsa পানীত ভিজ্াই গুলি লৈ গুটি আৰু শিব ইত্যাদি পেলাই নিমখ, চেনি, কেচা জলকীয়া বটা, ধনীয়া পাত বা পদিনা পাত, পিয়াজ, আদা, নহৰু বটা অলপ তেল মিহলাই চাকি লব লাগে।

৫ ৷ কর্দৈব ছাটনি। পকা কৰ্দ্দৈ নিমখ, চেনি, কেচা জলকীয়া বটা অলপ হিঙৰ লগত তেলেৰে মিহলাই লব লাগে। ইচ্ছা কৰিলে হিং নিদিবও পাৰি। ডাঙৰ কপ্লৈ, কেচা আম, চুকা, আদা, মূলা, কাচকল, মানকচু ইত্যাদিৰেও এইদৰে ছাটনি কৰিব পাৰি। মুলা আদিৰ লগত আমৰ গুৰি দিব পাৰিলে বেচি ভাল হয়।