সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ থোৱা cata ।

বহাই নিমখ হালধি অলপ সৰিয়হ বটা দি ৰান্ধি পানী বেচিকৈ দি বেচি সময় ৰাখিব লাগে৷

৪১৷ গা কৰাৰ নিয়ম৷ বেচিভাগ মানুহে গাজ ঢেকিত খুন্দে। ঢেকিত খুন্দিলে নান| ৰকম ময়ল| গাঁজৰ লগত আহে। সেইদেখি টিঙৰ চেকেনি কৰি তাৰ ওপৰত গাজৰ বগাখিনি পেলাই তাত ঘহিলে চেকা যায়। চেকিবৰ সময়ত তলত ডাঙৰ বাচন লব লাগে। চেকা হলে নতুন মাটিৰ চৰু বা কলহত পানী আক শুকান থেকেৰাৰ লগত গাজখিনি থৈ দিলে বেচি দিনলৈ খবিচা থব পাৰি। শুকাই থলেও বেয়া নহয়। কেচাহলে কেচ| গাজ নতুন চৰু বা বটলত থব পাৰি। কলহৰ মুখত শুকান টেঙা থৈ দি মুখ ভালকৈ বান্ধি ওপৰত তুলি থলে এবছৰলৈ গাজ থাকে। শুকাবৰ হলে টেঙা খৰিচা হাতেৰে চেপি ডলা বা কুলাত মেলি শুকাব লাগে। ভালকৈ শুকালে নিমখ তেল সানি এদিন মান বদত দি বটলত বা নতুন চৰুত ভৰাই মুখ বান্ধি থব লাগে। শুকান খৰিচা আৰু মাগুৰ মাছ বসন্ত ওলোৱা লৰা-ছোৱালীক টেঙা কৰি ঠাণ্ডা কৰি

খুৱাব লাগে। অকল মাছেৰেও খাবলৈ ভাল।

8২৷। ভাত টেঙা অলপ তেলত ভাত অলপ ভাজি টেঙা দি সিজাই শুকান কৰিলে হয়।