“tp খোৱা-বোৱ| ।
৩৬ | বগৰী গুৰিৰ লগত মাছৰ টেঙা |
কেচ| বগৰী ঢেকিত খুন্দি ডলাত কলপাত পাৰি দি খুন্দা বগৰী ৰ’দত শুকাই মৰমৰীয়াকৈ ঢেকিত খুন্দি গুৰি কৰিব লাগে। এই গুৰিবিলাক মাছৰ লগত ৰান্ধি খাব পাৰি। সক মাছেই ইয়াৰ পক্ষে ভাল। বেচি পানী ৰখা ভাল নহয়। ইয়াক আন টেঙা বন্ধা নিয়মে ৰান্ধিব লাগে। এই নিচিনাকৈ আমৰো গুৰি কৰি মাছেৰে খাব পাৰি। আমগুৰি, বগবীগুৰি, নিমখ আৰু তেলেৰে সানি খাব পাৰি।
৩৭ | নিমুটেডা।
মাছেৰে টেঙাৰ চৰচৰী কৰিব পাৰি। মাছ ভাজি নিমুটেঙা চেপি নিমখ হালধি চেপা টেঙাৰ লগত গুলি দি গুটি নপৰাকৈ চৰুত দিব লাগে। পিচত নিমখ দি পানী মৰিলে নমাই থলেই ভাল হয়। এই নিয়মে সকলো ৰকমৰ টেডা খাব পাৰি।
৩৮ ও আৰু দালিৰ টেঙ৷।
ওঁ আক দালি ভালদৰে সিজিলে নিমখ দি তেলেনী মাৰিব লাগে। সকলে| ৰকমৰ দালিৰ টেঙা খাব পাৰি। তেওঁ বেচি ভাগ . মচুৰ দালিৰ টেঙা খায়। কচুৰ ঠাৰ মচুৰ দালিৰ লগত কেচা টেঙা আম দি খাবলৈ বৰ ভাল। এপোরা মচুৰ দালিৰ লগত কচু এমুঠি লাগে। টেঙা সেই অনুযায়ী দিব লাগে। দালি ধুই এসেৰমান পানীত বহাই