সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইঃ

খোৱা-বোৱা । ৭৭

ay] মাছৰ টেঙাৰ চবচৰী। ছান| মাছেৰেই ভাল হয়। সুঠিগুৰ বা নিমুটেঙা নিমখ, হালধি দি শুকান জৰ্জৰীয়াকৈ নমাব লাগে। ইচ্ছা কৰিলে বেচি বা কম কৈ বোল ৰাখি নমাব লাগে |

২২। আম-শ'ল।

শ'ল মাছৰ মোট গুচাই সৰু সক ডোখৰ কৰি কাটি নিমখ, হালধি সানি ভাজি থব লাগে। সৰু আমৰ বাকলি পেলাই দুফালকৈ কাটি ভিতৰৰ গুটি উলিয়াই পেলাব ল|গে। তেলত তেজপাত, জলকীয়া, মিঠি, সৰিয়হ ফোৰণ দি জলকীয়া বটা গুলি দিব লাগে। নিমখ, হালধি আৰু অলপ চেনি দি নমাব লাগে । সক আমৰ সলনি পকা বগৰী বা আম শ’ল দি এই আগা ৰান্ধিব পাৰি। বৌ মাছৰ sini সৰুকৈ কুটি তাৰো এইদৰে ৰান্ধিব পাৰি।

২৩] মাছৰ Goel!

নিমখ, হালধি সানি মাছ ভাজি থৈ তেলত জলকীয়া, তেজপাত, মিঠি ফোৰণ দি তেতেলী গোলা, নিমখ, হালধি আৰু অলপ চেনি দিব লাগে। উতলিলে মাছ দিব লাগে। সিজিলে নমাব লাগে। সকলো সৰু মাছৰে এইদৰে Bel বান্ধিব পাৰি ।