এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
খোৱা-বোৱা । ৭১
২। সক আম ভাজা। আমবোৰ ৰন্ধাৰ উপযোগী কৰি কাটি লৈ তেলত সৰিয়হ ফোৰণ দি আম দিব লাগে। অলপ পাচত নিমখ, হালধি. চেনি দি অকণমান পানী দিব লাগে। সিজি ভাজাৰ নিচিন| হলে নমাব লাগে। কৰ্দ্দৈ টেঙাও এইদৰে ভাজিব পাৰি। ৩ | পকা আম টেঙা। পকা আমৰ বাকলি গুচাই তেলত সৰিয়হ ফোৰণ দি আম দি অলপ পাচত কিছু পানী দি অকণমান নিমখ আৰু বেচিকৈ চেনি বা গুৰ দি বোল শুকালে নমাব লাগে | 81 তেতেলীৰ টেঙা। পকা তোতলী পানীত গুলি ইচ্ছামতে ঘন বা পাতল কৰি লৈ তেলত সৰবিয়চ ফোৰণ দি তেতেলী গোলা, নিমখ, হালধি, চেনি বা গুৰ ( কম বা বেচি) দি দৰ্কাৰ মতে ঘন কৰি নমাব লাগে।
৫) কাচা তেতেলীৰ টেঙা। তেতেলী খোলাৰে সৈতে ধুই কুটি লব লাগে। তেলত সৰিয়হ ফোৰণ দি তেতেলী দি অলপ ভাজা হলে নিমখ হালধি পানী দিব লাগে। লগতে অলপ চেনি দিয়া ভাল। এই টেঙা কিছু পৰিমাণে পনীয়া কৰিয়েই বখা ভাল।