৬৮ খোৱা-বোৱা ।
দিব লাগে। সিজিলে হিং গুলি দি তেলনী দি নমাই থব লাগে। হালধি আৰু কাচাজলকীয়া দিব পাৰি। দালি ভাজা ঘিউত আগেয়ে পিয়াজ ভাজি তুলিলে ভাল হয়। ২য় নিয়ম
প্রথমে লং, দালচিনি দালিৰ লগত মিহলাই থিউ ভাজি পানী দিব লাগে। আধা সিজা হলে আদাৰ ৰস, নিমখ, জাল,ক কটা দি সিজাব লাগে। সিজিলে হালধি বা জাফৰাণ দিব লাগে। হিং আক এলাচিৰ গুৰি দি তেলনী দি লব লাগে ৷
৩ ৷ ৰহৰ দালি।
পানী গৰম কৰি দালি ঢালি দিব লাগে। উতলিলে তাঁৰ ময়লা আৰু ফেনবিলাক কাৰি হালধি-জালা বট! দিব লাগে। সিজিলে থিউ, নিমখ, টেঙা দিব লাগে। এতিয়া এখন কোৰাচত ( হাঠাত ) ঘিউ, জলকীয়া, গৰম মচলা, তেজপাত ফোৰণ দিব লাগে। অলপ ভাজা হলে কোৰাচখন দালিত ডুবাই দিব লাগে। অবহৰ দালিত পিয়াজ আৰু বেচি জালা দিলে ভাল হয়। দাগিত নানা ৰকম পাচলিও দিব পাৰি।
81 goa দালি। ১ম নিয়ন
দালি সিজাই নিমখ, টেঙাৰ ৰস, জালুক বটা বা গুৰি
দি নমাই থিউ দি ঢাকি দিব লাগে। পানী এনে আন্দাজতে