পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
জঙ্ঘাসুৰ বধ

পতাশালে জঙ্ঘাসুৰে দূত আদেশিলা।
শিৱক পূজিবে ৰাজা সম্ভাৰ কৰিলা॥ ১০৪
দূতে দেখিলন্ত ৰক্ষা বন্দীয়া যে নাই॥
হা হা কিনো ভৈল বুলি ভৈলন্ত বিস্ময়॥
আথে বেথে নৃপতিক জান দিলা যাই।
শুনা মহাৰাজ ৰক্ষা বন্দীয়া যে নাই॥ ১০৫
দূতৰ শুনিয়া বাক্য ৰাজা মূৰ্চ্ছা গৈলা।
সেহি সময়ত আসি নিদ্ৰা দেখা দিলা॥
শুনা জঙ্ঘাসুৰে যিটো স্বপ্নক দেখিলা।
নিদ্ৰাৰ জাগিয়া পাছে চেতন লভিলা॥ ১০৬
ঔৰ ফুল পিন্ধে কতো বেলি সৰ্পে খায়।
তৈল ঘসি দক্ষিণক উলঙ্গতে যায়॥
হেনয় স্বপ্ন দেখি বিস্ময় গণিল।
ঘৃত সহযোগে যেন অগনি জ্বলিল॥ ১০৭
গুণি গান্থি স্থিৰ নোহে দগধ শৰীৰ।
পূজা নকৰিলা ৰাজা শিৱৰ মন্দিৰ॥
একোমতে নুগুচয় বিকল স্বভাৱ।
নগৰ উপৰে কাক গৃধ্ৰৰ আৰাৱ॥ ১০৮
মনত জানিলা ৰাজা হৈব অথন্তৰ।
ফেৰুৱায় কৰে ৰাৱ বোল কুকুৰৰ॥
বিমঙ্গল দেখি কাৰো মনে সুখ নাই।
হৰি হৰি কি কৰিবো নেদেখো উপায়॥ ১০৯