পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অগাধ সাগৰ, দ্বৈপায়নে আৰ, কৰি আছে নিবন্ধন।
কোন শক্তি আক, বিহাৰ কৰিবো, আমাৰ বালক মন॥
তথাপিতো আৰ, পদ বিৰচিলো, পোন্ধৰ হাজাৰ মান।
আনো কবি সৱে, তিনি সহস্ৰেক, ৰচি আছে বিদ্যমান॥”

 যি কোনো কবিৰ পক্ষেই কেৱল মহাভাৰতৰ অনুবাদ কৰিয়েই যশস্বী হোৱা সম্ভৱপৰ। কিন্তু ৰাম সৰস্বতীয়ে মহাভাৰতৰ অনুবাদৰ বাহিৰেও বনপৰ্ব্বৰ অস্তগত আখ্যান লৈ সৰু বৰ ভালেমান কাব্য ৰচনা কৰি গৈছে। তেওঁৰ অন্যান্য কাব্যৰ ভিতৰত কুলাচল বধ, বঘাসুৰ-বধ, জটাসুৰ-বধ, কুৰ্ম্মৱলী-বধ, খটাসুৰ-বধ, অশ্বকৰ্ণ বধ, জঙ্ঘাসুৰ-বধ আদিয়েই প্ৰধান। পিছৰ চাৰিখন পুথি "মহাভাৰতৰ বনপৰ্ব্বান্তৰ্গত” নাম দি বৰপেটাৰ শ্যামলাল চৌধুৰীয়ে ১৯০০ চনত প্ৰকাশ কৰিছিল। বৰ্ত্তমান সেই পুথি কেইখনি পুৰণি সাহিত্য উদ্ধাৰৰ কাৰণে, জীৱন ব্যাপি লাগি থকা বৈষ্ণৱ প্ৰাণ শ্ৰীযুত হৰিনাৰায়ণ দত্ত বৰুৱাদেৱে ছপা কৰি উলিয়াইছে।

 বধকাব্যসমূহ অসমীয়া সাহিত্যত এক অনুপম বস্তু। এই পুথি- সমূহে অসমীয়াৰ আধ্যাত্মিক আৰু সামাজিক জীৱনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এফালে এই পুথিবোৰে যেনেকৈ আমাক সৰ্ব্বভাৰতীয় সংস্কৃতি আৰু আদৰ্শৰ লগত সংযোগ ঘটুৱাইছে, আনফালে এই সাহিত্যৰ পঠন-পাঠনে অসমীয়াৰ সামাজিক জীৱনত, অনাবিল আনন্দৰ সমল যোগাইছে।

 বধকাব্যৰ ৰূপক বা দ্ব্যৰ্থ আছে বুলি ডাঃ কাকতিয়ে উল্লেখ কৰিছে। পাপক পৰাভৱ কৰি ধৰ্ম্মৰাজ্য সংস্থাপন কৰায়ে এই কাব্য- সমূহৰ উদ্দেশ্য। কৃষ্ণমহিমা প্ৰকাশ, ভক্তৰ গৌৰৱ ঘোষণা, দুষ্টক দমন সন্তক পালন, এনেবোৰ বৈষ্ণৱ আদৰ্শ জনসাধাৰণৰ মাজত ডাঙি ধৰায়ে