পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জঙ্ঘাসুৰ বধ

হেন মাধৱৰ, চৰণ পঙ্কজ,
 সদায় মনে বহোক।
জনমে জনমে, গুৰুৰ চৰণে,
 সদা ৰতি নচাৰোক॥
মই মূঢ়মতি, নভৈল ভকতি,
 একোৰে পাত্ৰ নভৈলো,
পদ কৰে বুলি, বিষয়ত তুলি,
 মহা অধোগামী ভৈলো॥ ৬৬
সমাজিক জন, নিন্দা নকৰিবা,
 আপুনাৰ কৰা কাম।
দান্তে তৃণ ধৰি, দণ্ডৱতে পৰি,
 ডাকি বোলা ৰাম ৰাম॥ ৬৭

———