এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
জঙ্ঘাসুৰ বধ
দুই দণ্ড মান, মাতিবে নপাৰি,
মৌন হুয়া দোহোঁ ৰৈলা॥ ৬০
কতো বেলি দুই, চেতন লভিয়া,
ৰাজাৰ আগত পৰি।
চাহিবে নলাগে, ঝান্টে [১] কাটিয়োক,
এবে কহো সত্য কৰি॥
তোমাৰ আজ্ঞায়, গৈলো তিনি ভাই,
ফল বিচাৰিবে প্ৰতি।
ফলক নপাইলো, হ্ৰদক দেখিলো,
ফুৰো তিনি লীলা গতি॥ ৬১
ক্ষুধায়ে তৃষ্ণায়ে, হাৰা-শাস্তি ভৈলো,
নিদ্ৰায়ে আসি পীড়িলা।
মৃত্যু সম ভৈলা, উদিশ নপালো,
ভীম দাদা কৈক গৈলা॥
চেতন লভিয়া, গেৰিয়ায় ফুৰু,
বিচাৰি নপাইলো তৈত।
মনে গুণি চাই, চিন্তিলো উপায়,
জানো আসি আছে ঐত॥ ৬২
এতেক বোলন্তে, শোক উপজিলা,
যুধিষ্ঠিৰ মহীপতি।
- ↑ ঝাণ্টে = শীঘ্ৰে