এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
জঙ্ঘাসুৰ বধ
শোকতে বিহ্বল, ভৈলন্ত নকুল,
উত্তৰ দিবাক নাৰি [১]।
পাছে দুই ভাই, বনে বনে চাই,
দাদা বুলি গেড়ি পাৰি॥ ৫৫
নকুলে বোলয়, দাদা ধনঞ্জয়,
কহো কথা সাৰোত্তৰে।
বঘাসুৰ বীৰ, দুৰ্জ্জয় শৰীৰ,
জিনিলা তাক সমৰে॥
ত্ৰিভুৱন বীৰে, কম্পি থাকে ডৰে
হেন দাদা বৃকোদৰ।
তাহান ইহাত, হত ভৈল বুলি,
পতিয়াবে কোন নৰ॥ ৫৬
ৰাজাৰ আজ্ঞায়, আমি তিনি ভাই,
ফলক ফুৰো বিচাৰি।
ফুলকো নাপাইলা, হ্ৰদক দেখিলো,
থাকিলোহো নিদ্ৰা পাৰি॥
আপদ কালত, বুদ্ধি ভৈল হত,
গুণিয়া নপাওঁ মনে।
দৈৱৰ পাকে, লিখিলা কপালে,
ফুৰো আমি বনে বনে॥ ৫৭
- ↑ নাৰি=নাপাৰি