পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বধকাব্য

 শঙ্কৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক যিসকল বৈষ্ণৱ কবিয়ে অপূৰ্ব্ব সাহিত্য ৰচনা কৰি গৈছে তাৰ ভিতৰত ৰাম সৰস্বতী অগ্ৰগণী। নৰনাৰায়ণ নৃপতিৰ নিৰ্দ্দেশত ৰাম সৰস্বতীয়ে বিশাল মহাভাৰত কাব্য অসমীয়াত অনূদিত কৰিবলৈ লৈছিল। ‘কুলাচল বধ’ কাব্যত তেওঁ এই সম্পৰ্কে লিখিছে—

“••• নৰনাৰায়ণ নৃপতিত শ্ৰেষ্ঠতৰ।
আমাক আনিয়া, আজ্ঞা কৰিলন্ত, পদ কৰা ভাৰতৰ॥
তাহাৰ আজ্ঞাত, আমি বিৰচিলোঁ, চৌবিশ হাজাৰ পদ।
মূল শ্লোক আৰ, ত্ৰিংশ যে হাজাৰ, ব্যাসৰ মুখ নিবন্ধ॥”

 নৰনাৰায়ণ ৰজাই কেৱল আজ্ঞা দিয়েই সন্তুষ্ট নাছিল, তেওঁ কবি সৰস্বতীক মূল সংস্কৃত পুথিসমূহো যতনাই দি কাব্য ৰচনাত নানা ভাবে সহায় কৰিছিল—

“আমাৰ ঘৰত আছে ভাৰত প্ৰশস্ত।
নিয়োক আপোন গৃহে দিলোঁহে সমস্ত॥”
এহি বুলি ৰাজা পাছে বলধি যোৰাই।
পাঠাইল পুস্তক সব আমাসৰ ঠাই॥
ধন ৰত্ন অলঙ্কাৰ দিয়া বহুতৰ।
দাস-দাসী দিয়া মান কৰিল বিস্তৰ॥

 ৰাম সৰস্বতীয়ে কিমান বিৰাট কাম হাতত লৈছিল সেই কথৰ বনপৰ্ব্বত উল্লেখ কৰা বচন কেইফাঁকিয়েই প্ৰমাণ কৰে। তেওঁ লেখিছে—

“বনপৰ্ব্ব কথা, পৰম গহন, পুৰাণ সংহিতা সাৰ।
পঁচিশ হাজাৰ, টীকা জানা আৰ, শ্লোক চাব্বিশ হাজাৰ॥