পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জঙ্ঘাসুৰ বধ

দুহান্তক ধৰি মুষ্টি কৰিল প্ৰহাৰ।
নৰান্তক কালান্তক গৈলা যমঘৰ॥
নিকালিল ৰুধিৰ বহয় ধাৰাসাৰে।
দুৰ্ব্বল প্ৰৱল দুই পলান্ত লৱৰে॥ ৩২
নৃপতিৰ আগে গৈয়া কৰিলা গোচৰ।
শুনিয়োক মহাৰাজ অৱস্থা আমাৰ॥
তযু আজ্ঞা শিৰে ধৰি আমি চলি গৈলো।
তুমি যি বুলিলা আমি তাহাকে কৰিলো॥ ৩৩
গৰ্জ্জিয়া আমাক বীৰে চক্ষু ঘূৰাৱয়।
তাৰ নাম ভীমসেন জগতে জানয়॥
একগোট শিৰ মাত্ৰ আতি নিৰুপম।
ঔৰ ফুল সম চক্ষু দেখি যেন যম॥ ৩৪
দেখি আথে বেথে বান্ধিবাক গৈলো উঠি।
দুহান্তৰ শিৰত মাৰিলা বজ্ৰ-মুষ্টি॥
মুষ্টিৰ প্ৰহাৰে দুহান্তৰ গৈলা প্ৰাণ।
তাৰ মহতালি দেখিলোহো বিদ্যমান॥ ৩৫

জঙ্ঘাসুৰৰ লগত ভীমৰ যুদ্ধ আৰু বন্ধন

শুনি জঙ্ঘা আৰ্ত্তৰাৱে ক্ৰোধে জ্বলি গৈলা।
ৰথ সমন্বিত প্ৰজা সমস্তে চলিলা॥
ৰথ এৰি ভূমিপাৱে কোপে চলি যায়।
দেখি বায়ুসুতে আছে তাহাকেই চায়॥ ৩৬