পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
খটাসুৰ বধ


ৰাজাৰ বচনে ভীম গদা হস্তে ধৰি।
জল বিচাৰিয়া গৈল আতি শীঘ্ৰ কৰি॥১২৬
ঘোৰ বন মাজে নেদেখয় দিশ পাশ।
কোন দিশে যায় একো নপান্ত উদ্দেশ॥
এক উচ্চ বৃক্ষত উঠিলা বৃকোদৰ।
যোজনৰ পন্থে দেখে দিব্য সৰোবৰ॥১২৭
বৃক্ষ হন্তে নামি ভীম তৈকে গৈলা চলি।
সৰোবৰ পাইলে গৈয়া ভীম মহাৱলী॥
যোজনৰ পন্থ দেখে সৰোবৰ পাৰ।
উপৰত পিট পৰি আছে ভয়ঙ্কৰ॥১২৮
তহিতে আছয় এক সৰ্প অজগৰ।
সেহি কথা মনে নজানয় বৃকোদৰ॥
জল খাইবে যায় পশু পক্ষী জীৱগণ।
সেহি অজগৰে ধৰি কৰয় ভোজন॥১২৯
নামিবাৰ চিহ্ন তাত দেখে ভীমসেন।
উঠিবাৰ চিহ্ন নেদেখয় কোন স্থান॥
ভীমে বোলে ইটো কিনো আশ্চৰ্য্য কথন।
উঠিবাৰ চিহ্ন নেদেখোহো পশুগণ॥ ১৩০
নজানো আছয় কিবা জলৰ মধ্যত।
আটাস পাঢ়িলে এক বল মানে যত॥
ভীমৰ আটাস অতি শুনি ভয়ঙ্কৰ।
ভীত হুয়া মাথা তুলি চাহে অজগৰ॥১৩১