পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
খটাসুৰ বধ


তুমি চিনা দিলা এবে চিনা দিলো মই।
খটাসুৰ নাম মোৰ অসুৰ দুৰ্জ্জয়॥
ধন জন ঐশ্বৰ্য্যে মোহোৰ নাই সৰি।
গৃহত আছয় মোৰ বহুত সুন্দৰী॥২৬
তোমাৰ সদৃশ ৰূপে একোজনী নাই।
কি কাৰণে বনত আছাহা দুখ পাই॥
মোক ভজা তোমাৰ খণ্ডিবে দুখ যত।
সত্যে সত্যে বোলো মই তোমাৰ আগত॥২৭
ধন জন গৃহবাস যতেক সুন্দৰী।
সত্যে সত্যে দিবোহো তোমাৰ দাসী কৰি॥
মই তোৰ দাস হৈবো নকৰা নৈৰাশ।
এহি বুলি অসুৰেও চাপিলন্ত পাশ॥২৮
দ্ৰৌপদীয়ো স্মৰে ৰাম কৃষ্ণ বিষ্ণু হৰি।
কদাচিতো অসুৰে নকৰে পাছ ভৰি॥
মোৰ পঞ্চ পতি আছে জগতে প্ৰখ্যাত।
আসি পালে এক্ষণে কৰিবে স্কন্ধপাত॥২৯
ইঠানৰ পৰা তই হুয়োক অন্তৰ।
শুনি মহাক্ৰোধে জ্বলিলন্ত খটাসুৰ॥
বলে ধৰি এইক আজি নিও নিজ ঠাই।
এহি বুলি পত্ৰ গৃহ ভাঙ্গিলা কোবাই॥৩০
অসুৰৰ ক্ৰোধ দেখি দেৱী ভৈলা ত্ৰাস।
ত্ৰাহি যুধিষ্ঠিৰ বুলি দিলেক আটাস॥

Kh—৩