পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
খটাসুৰ বধ


কুলা যেন দেখি তাৰ দুই খান কাণ।
শাল বৃক্ষ সম দেখি বাহু দুই খান॥১৫
পৰ্ব্বতৰ শৃঙ্গ যেন দাঁত দুই পাড়ি।
শৰীৰৰ লোমে আছে উৰ্দ্ধক শিহৰি॥
চক্ষুৰ কোটৰ যেন পৰ্ব্বত গহ্বৰ।
লহ লহ জিহ্বা তাৰ দেখি লাগে ডৰ॥১৬
পোবা শিৰি হেন দেখি শৰীৰৰ কান্তি।
ভয়ঙ্কৰ মুখ তাৰ দৰ্শনতে ভ্ৰান্তি॥
তাম্ৰশাল হেন দেখি পিঙ্গলীয়া দাড়ি।
জুটুল জুটুলী চুলি অঙ্গুলেক চাৰি॥১৭
এহিমতে দ্ৰৌপদীয়ে অসুৰ দেখিলা।
নাহি স্মৃতি জ্ঞান যেন প্ৰাণ উড়ি গৈলা॥
হাত ভৰি কম্পে দেখি চক্ষে বহে জল।
অসুৰৰ ভয়ে দেৱী ভৈলন্ত বিকল ॥১৮
নাহি কোন পঞ্চ পতি মই একেশ্বৰী।
পাপিষ্ঠৰ হাতে ৰক্ষা পাওঁ কেন কৰি॥
কৃষ্ণৰ চৰণ বিনে নেদেখো উপায়।
আন কোন হুইব আসি মোহোৰ সহায়॥১৯
এহি বুলি কৰিলন্ত দেৱী মনে সাৰ।
মাধৱৰ চৰণক চিন্তে বাৰম্বাৰ॥
হৰি স্মৰি দ্ৰৌপদী কৰিলা মনে সাৰ।
দেৱীক দেখিয়া শ্ৰুতি নাহি অসুৰৰ॥২০