পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পত্ৰ-গৃহত অকলসৰে দ্ৰৌপদীৰ অৱস্থিতি:
খটাসুৰৰ আগমন
পদ।

জয়মুনি বদতি শুনিয়ো জন্মিজয়।
এহিমতে বনবাসে পাণ্ডৱ আছয়॥
একদিন প্ৰভাতে উঠিয়া চাৰি ভাই।
চাৰিও দিশক চাৰি গৈলা সমুদাই॥১১
মৃগয়া কৰিতে যায় পশিল বনত।
যুধিষ্ঠিৰ চলি গৈলা ঋষি সমাজত॥
একেশ্বৰে দ্ৰৌপদীয়ো আছয় বনত।
কৃষ্ণৰ চৰণ চিন্তি পত্ৰৰ গৃহত॥১২
সেই দিন খটাসুৰ অসুৰ দুৰ্জ্জয়।
পৰম আনন্দ মনে বনত ভ্ৰময়॥
দ্ৰৌপদীক দেখিলন্ত পত্ৰৰ গৃহত।
নাহি শ্ৰুতি জ্ঞান তাৰ কামে উনমত্ত॥১৩
দ্ৰৌপদীৰ আগত অসুৰ ভৈলা থিৱ।
দেখি দ্ৰৌপদীৰ দেহে নথাকিল জীৱ॥
বিকৃত আকাৰ তাৰ দেখিতে কুবন্ধ।
প্ৰহৰৰ পথত গাৱৰ পায় গন্ধ॥১৪
পৰ্ব্বত আকাৰ তাৰ স্থুলন্তৰ কায়।
নাকৰ নিশ্বাসে তাৰ বতাসে ফোঁফায়॥