এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
খটাসুৰ বধ
ভীমক সম্বোধি বীৰে, মাতিলন্ত ধীৰে ধীৰে,
শুনিয়োক বীৰ বৃকোদৰ।
কৌৰৱৰ উতপাত, নেৰিবোহু ইঠানত,
হওঁ আমি ইঠান অন্তৰ॥২
মাতে বৃকোদৰ বীৰ, ক্ৰোধ কৰি গুৰুতৰ,
যুধিষ্ঠিৰ নৃপতিক চাই।
এড়িলা ছলত পাই, কৌৰৱক একে ঠাই,
তোমাহেতু আমাৰ বিলাই॥
গন্ধৰ্ব্বে বান্ধিয়া নেই, তাহাত ৰাখিলা গই,
পৰৰ শ্ৰাদ্ধত জানু পাৰি।
যেহি লাগে তাকে কৰা, আমি জীৱন্ততে মৰা
সেহি দুখে প্ৰাণ যায় ছাড়ি॥৩
অৰ্জ্জুনে ভীমক চাই, বোলে শুনা ভীম ভাই,
নকহিবা ইসব বচন।
যেহি লাগে সেহি হৌক, আমাৰ কৰম ভাগে,
দাদা সে আমাৰ জীৱ প্ৰাণ॥
নকুল সহদেৱ দুই, বোলে অৱনত হুই,
দাদা সে আমাৰ জীৱ মতি।
নকৰিবা আজ্ঞাচ্ছন্ন, যেহি বোলে এতিক্ষণ,
সিঠানক চলিয়ো সম্প্ৰতি॥৪
দ্ৰৌপদী বোলন্তে কথা, নকৰিবা অন্যয়থা,
যেহি বোলে, কৰা ধৰ্ম্মশীলে।