সমললৈ যাওক

পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুই হাজাৰেক বাহুমেলি মহাৱলী।
ভীমক আটিলা যেন হস্তীয়ে কদলী॥
ৰাক্ষসৰ বাহুৰ আটাৰ ছোট পাই।
কেঙ্কান্তে ৰহিলা বীৰ অচেতন হুই॥
মাধৱৰ অংশ ভীম পৱননন্দন।
সিকাৰণে তাৰ হাতে নগৈল পৰাণ॥”


 অস্বাভাবিক আৰু অতিৰঞ্জিত হোৱাৰ হেতু তলৰ অংশটি অধিক কৌতুকপূৰ্ণ—

“তাত পাছে জঙ্ঘাসুৰে ভীমক ধৰিয়া।
সাঙ্গি বান্ধি লৈয়া গৈলা নগৰ লাগিয়া॥
ৰাক্ষস পশিলা গৈয়া আপুন নগৰ।
বাজ হুয়া দেখয় সমস্ত নাৰী নৰ॥
বেশ্যা নাৰী আছে তাত চৌৰাশী হাজাৰ।
সমস্তে বেঢ়িয়া চাৱে একমুণ্ড নৰ ॥
কেহো জনী বোল আৰ শুনিয়োক বাই।
একমুণ্ড নৰ স্বপ্নত দেখা নাই॥
একমুণ্ড মনুষ্যক দেখিবাক ভাল।
আমাৰেসে স্বামীগণ পৰম জঞ্জাল॥
ৰূপ-গুণ দেখি নাৰীগণ মোহ ভৈলা।
নৃপতিক ভয়ে কেহো কাষ নাচাপিলা॥
ধৰি বান্ধি ব্যাধে পশু নেয় যেনমতে।
পতাশালে থৈলা নিয়া অসংখ্যক দূতে॥”


 অতিৰঞ্জিত বৰ্ণনাৰ দ্বাৰা দৰিদ্ৰ শ্ৰোতাসকলক তেওঁলোকৰ দৈনন্দিন অভাৱ অনাটন জীৱনৰ আৰ্থিক আৰু জটিল সমস্যাৰপৰা