সমললৈ যাওক

পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকল পৃথিবী নদী নদ ভয় ভৈলা।
আকাশৰ তৰাগণ খসিয়া পৰিলা॥
দেখি দেৱলোকৰ তৈলেক মহাত্ৰাস।
কুৰু কূৰ্ম্মটিৰ সবে মনত উল্লাস॥”

 বীৰ ৰসৰ বৰ্ণনা বহু সময়ত স্বাভাৱিক গতিত অদ্ভুত বা বিস্ময় ৰূপলৈ ৰূপান্তৰিত হৈছে। নাট্যশাস্ত্ৰয়ো কৈছে, “বীৰাচ্চৈবাদ্ভুতোৎ- পত্তিঃ।”

 বৈষ্ণৱ কাব্যসমুহ ঘাইকৈ গীতৰ সুৰত পাঠ কৰি অপঢ়ুৱৈ সমাজত শুনোৱাৰ ৰীতি এতিয়াও চলি আছে। সেই কাৰণেই এই কাব্য- সমূহ একাধাৰে ধৰ্ম্মগ্ৰন্থ, কাব্য, উপন্যাস, গীত আৰু নাটক। কথোপ- কথনৰ পদ থকাত বধকাব্যত নাটকীয় সাঁচ আছে, আৰু পাঠকে তাকে আবৃত্তিৰ সুৰত গোৱাত সহৃদয়ৰ হৃদয় সি বিশেষ ভাৱে আকৃষ্ট কৰে। ৰাজহুৱা ভাৱে আবৃত্তি কৰাৰ হেতুকে নানা ধেমেলীয়া বৰ্ণনাও সংযোগ কৰা হৈছে।

 লোকপ্ৰয়োজনলৈ লক্ষ্য ৰাখিয়েই কাব্যত হাস্যৰসক প্ৰাধান্য দিয়া হৈছে। নতুনত্ব অথবা আকস্মিকতাই হাস্যৰসৰ মূল উৎস। অথচ গাৱঁলীয়া জীৱনত নতুন বুলিবলৈ একো নাই; আচাৰ-নীতি, সমাজ- ব্যৱস্থা, জীৱনৰ আদৰ্শ সকলো পুৰণি নিয়মেৰে নিকপকপীয়াকৈ বন্ধা; পুৰণিৰ প্ৰতি গাঁৱত সহজ প্ৰীতি আছে। পুৰণি নহলে গাঁৱলীয়া জীৱনত কোনো বস্তুৰে সমাদৰ নাই। আনকি ন ধানৰ অন্নেও নুসুজে; পুৰণি মলাধঁপাত, পুৰণি থেকেৰাৰহে চোক বেছি; ধোঁৱাৰ- চাঙ্গত তুলি থোৱা পুৰণি লাও-কোমোৰাৰ সোৱাদ অনুপম। নিজৰ চাৰিওপিনে থকা বস্তুসমূহৰ প্ৰতিও গাঁৱলীয়া প্ৰজাই পুৰণি সংস্কাৰগত ধাৰণাকে ধৰি আছে; দেৱ-দেৱী, দানৱ-মানৱৰ বিষয়েও পুৰুষানুক্ৰমে