পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
জঙ্ঘাসুৰ বধ

আথে বেথে সমীপ চাপিলা তেতিক্ষণে।
কৰিলা প্ৰণাম পৰি ধৰ্ম্মৰ চৰণে॥
জঙ্ঘাসুৰ সহিতে যেহেন যুদ্ধ ভৈলা।
ৰাজাৰ আগত সব বৃত্তান্ত কহিলা॥ ২৫৩
শুনি যুধিষ্ঠিৰ কৰিলন্ত আশীৰ্ব্বাদ।
কদাপিয়ো সমৰত নহৌক প্ৰমাদ॥
যুজিবাক লাগি ভীমে শিলা এক লৈল॥
পাছ হোৱা বুলি সহদেৱক মাৰিল॥ ২৫৪
অসুৰক লাগি ভীমে প্ৰহাৰ কৰিল।
কালপাশ শৰ হানি শিলা উৰুৱাইল॥
শিলা উৰুৱায় সিটো কালপাশ শৰ।
ভীমক মুখত কৰি নিলা বহুদূৰ॥ ২৫৫
শীঘ্ৰ বেগে নিয়া শৰে ৰথত তুলিল।
দেখি জঙ্ঘা অসুৰৰ আনন্দ মিলিল॥
আকাশৰ চন্দ্ৰ যেন বালক ধৰিল।
কালপাশ শৰক বহুত প্ৰশংসিল॥ ২৫৬
সহদেৱ নকুলক আনিবাক মনে।
একে দেৱেঁ ৰথৰ নামিলা তেতিক্ষণে॥
তিনি ভাইক আনিবে অসুৰে খেদিলা।
পাছে ভীমসেনে সাৰথিক যি কৰিলা॥ ২৫৭
সাৰথিক চাই ভীমে দিলন্ত উত্তৰ।
তোক আজি নিবো মই যমৰ দুৱাৰ॥