এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
জঙ্ঘাসুৰ বধ
হেনয় অদ্ভুত, দেখি দেৱগণে,
কৰে হাহাকাৰ ৰোল।
জঙ্ঘাসুৰ আদি, যত সৈন্যমানে,
বেঢ়ি বাৱে ঢাক ঢোল॥ ২৩১
মুহূৰ্ত্তকে ভীমে, চেতন লভিয়া,
হৰি স্মৰি সুস্থ ভৈল।
আৰো তিনি ভাই, পৰিয়া আছিল,
চেতন লভি উঠিল॥
মহা ক্ৰোধে ভীম, দেখি যে যম,
চাৰি দণ্ড পন্থ হয়।
হেন ভয়ঙ্কৰ, একখণ্ড শিলা,
হানিলন্ত মহাশয়॥
পবন সঞ্চাৰে, চমৎকৰে গৈল,
ৰথৰ মাজে পশিল।
মহীধন নামে, সাৰথি সহিতে,
ৰথখান চূৰ্ণ ভৈল॥
জাম্প দিয়া ৰাজা, ভূমিত পড়িলা,
অদ্ভুত দেখিয়া আতি।
মহা ভয়ানক, শিলাখণ্ড পৰি,
থৈলেক ৰথক জান্তি[১]॥২৩৩
- ↑ জান্তি হেঁচি লগাই থোৱা।