পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
জঙ্ঘাসুৰ বধ

বৈশম্পায়ন মুনি, জন্মিজয় আগে,
 সব প্ৰশংসিয়া কৈল।
ভাতৃৰ বিকল, দেখি বায়ু-সুতে,
 উঠি শাল বৃক্ষ লৈল॥ ২২৬
হাতে শাল বৃক্ষ, ধৰি বৃকোদৰ,
 লাহে লাহে চলি গৈল।
সেহি বেলা ভীম- সেন মহাবলী,
 ৰাজাৰ আগে ভেটিল॥
জঙ্ঘাসুৰে দেখি, বিস্ময় ভৈলন্ত,
 এহি গোট বৃকোদৰ।
দুই হাতে ধৰি, দলে দলি হানি,
 পেশি আছো যমঘৰ॥ ২২৭
মেলি হাত ভৰি, তৈতে আছে পৰি,
 দেখি আসো বিদ্যমান।
সাক্ষাতে দেখিছো, মাখি উড়ি আছে,
 নাসিকাত নাহি প্ৰাণ॥
হেন ভীমসেন, হাতে বৃক্ষ ধৰি,
 আগে ভৈল উপস্থিত।
জানিলো অৱশ্যে, কিবা অথন্তব,
 মিলিবেক বিপৰীত॥ ২২৮


*বিকল = ব্যাকুল।