পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
জঙ্ঘাসুৰ বধ

নিহালয় * আতি, চাহে চতুৰ্ভিতি,
 মনে বৰ ৰঙ্গ ভৈল॥ ২২২
উলটি আসিয়া, সৰমা-তনয়,
 পৰম কৌতুক মনে।
শঙ্খ, শিঙ্গা,যত, বাৱে নানামত,
 জয় তাল ঘনে ঘনে।
মহীধৰ্ম্ম নামে, সাৰথি তেখনে,
 যোগাইলা ৰথবৰ।
শত বৰাহৰ, মহাভয়ঙ্কৰ,
 চলিলন্ত খৰতৰ॥ ২২২
আৰ তিনি ভাই, ধনুশৰ লই,
 আছয় ৰথত চড়ি।
তাহাকো মাৰিয়া, পেশো যমঘৰে,
 লগত দিয়ো সত্যাৰি † ॥
নিশ্চয় স্বৰূপে, আস্ফোট ₴ কৰিয়া,
 বৰাহৰ ৰথে চলি।
মহাদৰ্প কৰি, যায় জঙ্ঘাসুৰ,
 হাততে মুদ্গৰ ধৰি॥ ২২৩



* নিহালয় = দেখে।
† সত্যাৰি = সইতাৰি, সতীযোৱা কাৰ্য্য।
₴ আস্ফোট = যুঁজৰ সময়ত বাহুত মৰা চাপৰ।