এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
জঙ্ঘাসুৰ বধ
হেন দেখি বায়ু, উপায় চিন্তিলা,
আতি বৰ মহাশ্ৰমে।
প্ৰচণ্ড বতাসে, ঘূৰাই ফুৰায়,
মাতিত থৈলন্ত লাসে॥
মহালীলা কৰি, মহীত পৰিলা,
বৃকোদৰ বীৰবৰে।
প্ৰাণ গৈল বুলি, জঙ্ঘাসুৰ বীৰে,
নাদিলা আতি বিস্তৰে॥ ২১৯
নিচেষ্ট দেখিয়া, অসুৰে হাঁসয়,
মৰিল বায়ু-কুমাৰ।
কৰতালি বাই, ৰথ হন্তে যাই,
চাহিবে দিলা লৱৰ॥
কিবা জীউ গৈল, কিবা প্ৰাণ ৰৈল,
নিশ্চয় নাহি মনত।
এহি বুলি দুষ্ট, ৰাক্ষস গৰিষ্ট,
ছাপিলা গৈয়া সমীপ॥ ২২০
ভীমেও দেখিলা, অসুৰ আসিলা,
আবে কোন বুদ্ধি কৰো।
হেন শুনি ভীমে, নিশ্বাস তেজিলা,
ইবেলি সমূলে মৰো॥
অসুৰে দেখয়, কাটিব উচ্ছায়,
মানুষৰ প্ৰাণ গৈল।