হৰিনাথৰ পুত্ৰ ভগৱান। তেৱোঁ পিতাকৰ দৰেই দেৱালয় কাৰ্য চলাই খাইছিল আৰু বিহুগুৰি মৌজাত বস্তি, ৰুপিত, ফৰিঙ্গতি — মুঠ দহ পূৰা মাটি পাইছিল।
ভগৱানৰ পুত্ৰ মণিৰাম, কিন্তু সাধাৰণতঃ তেওঁ মঙ্গলু বাপু নামেৰেহে প্ৰখ্যাত আছিল। তেওঁ দেখাত যেনে শুৱনি আছিল, গুণতো তেনে মৰমিয়াল আৰু পৰোপকাৰী আছিল। এওঁ লিখা- পঢ়াত বৰ পাকৈত নাছিল, সেই কাৰণে কৃষিকেই তেওঁ একমাত্ৰ অৱলম্বন কৰি লৈছিল। মণিৰামে তেওঁৰ পৈতৃক দেৱালয়খন নিজে চলাব নোৱাৰি তেওঁলোকৰ বংশৰে পৰ্বতীয়ানিবাসী ভেকেণ্ড অধ্যাপকক এৰি দিলে।
বৃদ্ধ বয়সত মণিৰাম তীৰ্থ কৰিবলৈ যায়। যাবৰ সময়ত তেওঁ গাঁৱৰ সকলো মানুহক নিমন্ত্ৰণ কৰি আনি যথানিয়মে সকলোৰে পৰা বিদায় লয় আৰু শুভক্ষণত সস্ত্ৰীক ঘৰৰ পৰা যাত্ৰা কৰে। এই যাত্ৰাতেই শ্ৰীক্ষেত্ৰত তেওঁ স্বৰ্গী হয়, বৃদ্ধা পত্নী অকলৈ ঘৰলৈ ঘূৰি আহে।
মণিৰামৰ ছজন পুত্ৰ আৰু এজনী কন্যা আছিল। পুত্ৰ ছজনৰ নাম ক্ৰমান্বয়ে শম্ভুৰাম, বাপীৰাম, কৃষ্ণৰাম, সোমেশ্বৰ, দণ্ডিনাথ আৰু নন্দিনাথ।
প্ৰথম পুত্ৰ শম্ভুৰাম মহেন্দ্ৰ নামেৰে এটি পুত্ৰ থৈ গছৰ পৰা পৰি মৰে।
দ্বিতীয় পুত্ৰ বাপীৰাম প্ৰায়ে কোচবেহাৰত আছিল, তাতে তেওঁ খাত-পামৰ যোগাৰ কৰি লৈ অৱস্থা ক্ৰমশঃ ভাল কৰি আনিছিল। তেওঁৰ দুটা ল’ৰা আৰু এজনী ছোৱালী আছিল।
কৃষ্ণৰাম বেজালিত প্ৰসিদ্ধ আছিল আৰু মন্ত্ৰ কৰি অলপ উপাৰ্জন কৰিছিল।
সোমেশ্বৰে অলপ সংস্কৃত জানিছিল আৰু য’তে ত’তে পূজা- পাতল কৰি পূজাৰী নাম পাইছিল।
সেই সময়ত হলেশ্বৰৰ মণি-ঠাকুৰ শিঙৰী দেৱালয়ৰ ঠাকুৰ