পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
কর্ণ পর্ব্ব।

যেন গিৰি শৃঙ্গ হন্তে বাসৱৰ বজ্ৰপাতে
 খসি পৰিলেক তৰুবৰ।
সেহিমতে কৰ্ণ সুতে পৰিলন্ত ৰথ হন্তে
 দেখি প্ৰাণ নসহে কৰ্ণৰ॥৪২৩॥
দীৰ্ঘ ৰাৱে কান্দে শোকে বাপু এৰি যোৱা মোকে
 কেনে তই কৰি একেশ্বৰ।
আদাৰৰ পুত্ৰ মৰি আমাক চলিলি এৰি
 কি লৈয়া পশিবো আজি ঘৰ॥ ৩২৪॥
কামৰূপ মধ্যে সাৰ  অদভুত চমৎকাৰ
 বিজস্বৰ নগৰী বিশেষ।
তাহাতে উত্তম গঢ়  ঠাই ঠাই আছে দৃঢ়
 সৰ্ব্বভাৱে আদৰে নিশেষ॥ ৪২৫॥
তাতে ভৈলা নৃপবৰ দুই ইন্দ্ৰ সমসৰ
 ৰঘুদেৱ নৃপতি প্ৰধান।
যাৰ গুণ ধৰণীত প্ৰজাৰ আনন্দ চিত
 সকল সম্পূৰ্ণ ভূমি খান॥৪২৬॥
যাক নৰ নাৰায়ণে প্ৰসংশিলা ঘোৰৰণে
 সমদলে যুঝি দিলা ভঙ্গ।
আমাৰ গোষ্ঠিত বীৰ ৰঘুদেব সম নাই
 এহি বুলি কৰিলন্ত ৰঙ্গ॥ ৪২৭॥
যিটো ৰণে সেনাচয়  মৰণক নগণয়
 হস্তী ঘোৰা পদাতি অপাৰ।